New

Ticker

6/recent/ticker-posts

Assamese Love story Tamana ,Assamese film story Assamese hit story






ছাৰ,আপুনি এইবোৰ কি কৈছে? 

মানে! মই তোমাক কিবা বেয়া কথা কলো নেকি ? 

নাই ,কিন্তু আপুনি যি কৈছে সেয়া অসম্ভৱ । 

বিয়া পাতিব বিচাৰিছো ইয়াত অসম্ভৱ কি দেখিলা তুমি?কিয় তুমি মোক পচন্দ নকৰা  । জাষ্ট এটা কাৰণ কোৱা ,তেনেহলে মই তোমাক আৰু কোনোদিনে ডিস্টার্ব  নকৰো,,কথা দিলাে। 

মই আপোনাৰ অফিচৰ এজনী সাধাৰণ ষ্টাফ। আপুনি মোক বিয়া কৰিলে আপোনাৰ মা দেউতাই মোক কোনোদিনে মানি নলব।আৰু মই নিবিচাৰো ,মোৰ বাবে এনে কিছু হওঁক। 

তোমাৰ কথা শুনি মোৰ হাঁহিহে উঠিছে । তোমাৰ কি ধাৰণা মোৰ মা দেউতা ইমানেই নিচ মনৰ মানুহ। মজাৰ কথাটো কি জানানে, মই যেতিয়া তোমাৰ বিষয়ে মোৰ মা দেউতাক  সকলো কলো তেতিয়া তেওঁলোকে মোক কলে আমি লৰাক বিয়া দি ঘৰলৈ ছোৱালী আনিব বিচাৰো।সেইজনী ছোৱালী ধনী নে দুখীয়া ঘৰৰ সেয়া আমাৰ চাবলগীয়া বিষয় নহয়।তোৰ যাকেই ইচ্ছা তই তাকেই বিয়া কৰিব পাৰিবি। 

আপোনালোকে মোৰ অতীত জানিলে এইবোৰ নকলে হয় । মই তোমাৰ অতীতক ভালপোৱা নাই,সেয়ে মই তোমাৰ অতীত জানিবলৈ আগ্ৰহী  নহয়। 

মই আপোনাক মােৰ অতীত শুনাব বিচাৰো । মোৰ অতীত জনাৰ পিছত যদিহে আপুনি আৰু আপোনাৰ  পিতৃ মাতৃয়ে ঘৰৰ বোৱাৰী বনাব বিচাৰে তেন্তে মোৰ কোনো সমস্যা নাই। 

তিন বছৰ আগতে, 

মই  তেতিয়া অনার্স,  3rd  semester ত পঢ়ো। টিউশনৰ পৰা  ঘৰলৈ উভতি আহোতে প্রায় সাতটা বাজিল। সেইদিনাও ঠিক সময়তে ঘৰলৈ আহি আছিলো।হঠাৎ মনত ভাৱ হল কোনোবাই মোৰ পিছে পিছে আহি আছে। পিছলৈ ঘূৰি চাই  দেখিলো  সাফি , আমাৰ গাৱৰ বদমাছ  লৰাটো , মোলৈ  বেয়া দৃষ্টিৰে চাই আছে। মই তাক দেখিয়ে দৌৰি পলাবলৈ চেষ্টা কৰিলো কিন্তু সি মোক হাতত ধৰি মাটিত বগৰাই দিলে । মই এৰুৱাবলৈ বহু  চেষ্টা কৰিলো কিন্তু লাভ নহল। 

তাৰপিছত মই সেন্সলেচ হৈ গলো। 

চকু খুলি নিজকে এটা অন্ধকাৰ ঘৰত আবিষ্কাৰ কৰিলো আৰু এইটােও খুব ভালদৰে বুজিব পাৰিলো যে মোৰ সকলো শেষ। মই কি কৰিম একোকে বুজিব পৰা নাছিলাে । তাৰ পৰা  কিবা প্ৰকাৰে ওলাই ঘৰলৈ গলো ।   মা দেউতাই  মোক  এনে অবস্থাত দেখি কান্দোনত ভাঙি পৰিল । তেতিয়া আমাৰ ঘৰত আমাৰ সৰু পেহী আছিল। তেখেতে মোক বহু বাজে বাজে কথা কলে ।এইবোৰৰ পৰা মোক দূৰৈত ৰখাৰ বাবে মা দেউতাই মোক লৈ গুৱাহাটীলৈ গুচি আহিল । ইয়াতে পঢ়া শুনা শেষ কৰি আপোনাৰ অফিচত জব পালো !" মই ধৰ্ষিতা  হয় ,মই ধৰ্ষিতা"

এইখিনি কৈয়েই  কান্দি কান্দি কেবিনৰ পৰা ওলাই গল , দিশা। 

ৰিক,মৃৰত হাত দি চিয়াৰত  বহি থাকিল । তেওঁৰ মাথায় কাম কৰা নাই ।কেৱল ভাবি আছে,এজনী হাঁহিমুখীয়া  ছোৱালীৰ জীৱনত ইমান কষ্ট কিয় । 

এনেদৰেই  এসপ্তাহ পাৰ হৈ গল ।কোনেও  কাৰো সৈতে কথা কোৱা নাই  । আনকি   কোনেও  কাৰো সন্মুখলৈ পর্য্যন্ত অহা নাই । 

দিশা ছাদত অকলে  বহি আছে। তাইৰ কাষত এজন লৰা আহি থিয় হল ।দিশাই ঘূৰি চাই ,,আপুনি ইয়াত  কি কৰিছে ? ইমানদিনে তো কেৱল সপোনত আহিছিল আৰু আজি ছাদলৈ আহিল যে ! 

হুম,তোমাক বিয়া কৰিম বুলি ওলাই আহিলো। আজি আমাৰ বিয়া হব। 

ইমানপৰে দিশাই ভাবি আছিল যে তাই ভুল দেখিছে।কিন্তু এতিয়া কথা শুনি বুজিব পাৰিলে ৰিক সঁচাকৈয়ে তাইৰ কাষত থিয় হৈ  আছে। 

আপুনি ইয়াত কি কৰিছে? 

কলো তো বিয়া কৰিব আহিছো । 

“মই ধর্ষিতা" কথাটাে সেইদিনা আপোনাৰ কানত নোসোমাল। 

তোমালোকৰ দৰে ছোৱালীবোৰৰ বাবেই আজি ছোৱালীবোৰ ইমান অৱহেলিত।যিয়ে তোমাক ধর্ষণ কৰিছে সি অপৰাধী ,তুমি নহয়।তেনেহলে তুমি কিয় লুকাই আছা । ইয়াত তোমাৰ কোনো দোষ নাই।আজি লুকাই নাথাকি যদিহে এই লৰাক শাস্তি দিলা হয় তেনেহলে আজি তুমি সকলো ছোৱালীৰ ওচৰত উদাহৰণ হৈ থাকিলা হয় । কিন্তু তুমি ভয়ত পলাই আহিলা  ।তোমাৰ দৰে ছোৱালীৰ পৰা মই এনেকুৱা একদম আশা কৰা নাই । মই তোমাক ভালপাওঁ আৰু তোমাকেই বিয়া কৰিম।আৰু মোৰ মা দেউতাক  এজনী ছোৱালী উপহাৰ দিম,বুজিছা। 

আমাৰ সমাজে কেৱল ছোৱালীকে বেয়া বুলি কয় , সেইটাে মই জানো। সেয়ে সিহঁতৰ বিৰুদ্ধে সাহসিকতাৰে ঠিয় দিয়া   ।লুকাই থাকি লাভ নাই।তাৰোপৰিও  আৰু এটা কথা মনত ৰাখিবা,সকলো লৰা  যেনেকৈ বেয়া নহয়  ঠিক তেনেকৈ সকলো ছোৱালীও ভাল নহয় । ইয়াৰ পাৰ্থক্য আমি  বুজি পাব লাগিব । 

এতিয়া তললৈ ( Ground Floor) বলা। 

ফ্লাশবেক, 
মা দেউতা তোমালোকে তো সকলো নিজ কানেৰে শুনিলাই ,, মই এতিয়া কি কৰিম কোৱা ? 

মই তাইক অত্যন্ত ভালপাওঁ। ❤️❤️❤️❤️

ৰিক,তুমি দিশাকেই বিয়া কৰিবা । তাই তো তোমাক সত্যটাে নকবও  পাৰিলে হয় কিন্তু তাই  কলে।অান কোনোৱা হোৱা হলে কেতিয়াও নকলে হয়  । সেয়ে তুমি তাইকে বিয়া কৰিবা । 
অ' বোপা  তোৰ মাকে একেবাৰে শুদ্ধটোকে কৈছে। 

মই বহু ভাগ্যৰ বলত তোমালোকৰ দৰে মা দেউতা  পাইছো। লাভ ইউ... ❤️❤️❤️❤️❤️❤️❤️

ইয়াৰ পিছত দুয়ো তললৈ আহি  সকলোকে সেৱা জনালে । তাৰপিছত দুয়োৰে বিবাহ সম্পন্ন হল । 🌹

চাৰি বছৰ পিছত, 

কি হৈছে নো  কি,ৰিক?দৰজা খোলা আছে কোনোবা আহি গলে । 

মই মোৰ পত্নীক মৰম কৰিছো ,তাতে কাৰ কি হুমম... ❤️

পাপা তুমি মাম্মাক মৰম কৰিছা। ছোৱালীৰ কথা শুনি দুয়ো দৰজালৈ চালে  । তেওঁলোকৰ  সন্তান ৰিকশিয়া খঙাল  মুখেৰে  ককালত হাত দি থিয় দি আছে। 

কি হৈছে মোৰ মাজনীৰ,এই বুলি ৰিকে ছোৱালীক 

বোকোচাত তুলি ললে  ।

মোক কোনেওঁ  ভাল নাপায় । 
দুয়ো একেলগে কৈ উঠিল, আমি ভালপাওঁ আমাৰ মাজনীক ।দুয়োজনে ছোৱালীৰ গালত দুফালৰ পৰা কিস কৰে। 

 ❤️❤️হট হেপ্পি ফেমিলি❤️❤️

সমাপ্ত 

#মই #ধর্ষিতা  

পঢ়ি কেনে পালে কমেন্ট কৰি জনাব 🙏🙏🙏
N.b:-Photo khonr logot swalijoni kuno xomporko nai .

  Tamanna

Post a Comment

1 Comments